Teya Salat
08/05/2405:190004 004
೫೫೫೫೫೫೫೫೫೫೫೫೫೫
@ সহযোগী ছাইট
೫೫೫೫೫೫೫೫೫೫೫೫೫೫
২০ মে' ২০১৩,
(পাঠক আৰু লিখকৰ অভাৱত ছাইটটো বন্ধ কৰি দিয়া হ'ল ।)

೫೫೫೫೫೫೫೫೫೫೫೫೫೫

"ভালপাওঁ বুলি নক'বা"
ණ উৎপল তালুকদাৰ

নক'বা মোক ভালপাওঁ বুলি,
নিসিঁচিবা মোৰ শুকান হিয়াত প্রেমৰ বীজ,
নাযাচিবা মোক দুদিনীয়া মৰম,
নকৰিবা মোক তোমাৰ হিয়াৰ আমঠু,
বৰ কষ্ট হয় প্রেমত।

জহি খহি গৈছে মোৰ হৃদপিণ্ড,
ক্রমাত্‍ শুকাই গৈছে ইয়াত থকা ৰঙা ৰস,
ধপাতৰ ধোঁৱাই আন্ধাৰ কৰি তুলিছেহি
মোৰ হৃদয়ৰ কোঠালীবোৰ।

নোৱাৰিম তোমাক সঁচা অর্থত ভাল পাব,
নোখোজো আকৌ এবাৰ প্রতাৰিত হ'ব,
ভয় লাগে প্রেমত পৰিব,
কাৰন ধপাততকৈ প্রেমে হেনো অতি সোনকালে হত্যা কৰে
এজন নিৰীহ প্রেমিকক গোপনে।

সেয়েহে মিচ্ অৰুন্ধতী,
এবাৰো নক'বা মোক ভালপাওঁ বুলি।

?

೫೫೫೫೫೫೫೫೫೫೫೫೫೫

“তোমাৰ দুখনি হাতেই
পৃথিৱীৰ মৌলিক কবিতা”
ණ সুনীল অমিয়

তোমাৰ দুখনি হাত মেলি চোৱা নাই কাহানিও
তাতেই আছিল ফুলি
পৃথিৱীৰ শ্রেষ্ঠ গোলাপ,
তোমাৰ হাত দুখনি
মেলি চোৱা নাই
ইয়াতেই লিখা আছে
হৃদয়ৰ গুঢ়তম সংলাপ।
ফুল ভালপাওঁ বুলি
অযথা কৰিছো অহঙ্কাৰ
শিল্প ভালপাওঁ বুলি
অনর্থক বন্ধ কৰি ৰাখিছো অহমিকাৰ দুৱাৰ ,
মূর্খ মই
বুজা নাই
তোমাৰ দু'খনি হাত
কিমান বেচী মানবিক ফুল-
বুজা নাই কিমান বেচি অনুভূতিময়
এই দুটি হাতৰ আঙুলি।
তোমাৰ দুখনি হাত মেলি
কিয় যে চোৱা নাই মই,
কিয় বাৰু কৰা নাই পাঠ
এই শুদ্ধ প্রেমৰ কবিতা।
গোলাপ দেখিছো বুলি
অতকাল মই
ভুল কৰিছো কেৱল
তোমাৰ দুটি হাত মেলি ধৰা এবাৰ ঢাঁকো মুখ লাজত।
তোমাৰ দুটি হাততেই ফুলি
আছে পৃথিৱীৰ বিশুদ্ধতম
গোলাপ,
তোমাৰ দুটি হাত
পৃথিৱীৰ একমাত্র মৌলিক কবিতা।

?

೫೫೫೫೫೫೫೫೫೫೫೫೫೫

নিজৰ কাণে কাণে
ණ সুনীল অমিয়

একো একোটা সময়ত
মনটোৱে কয়,
জীয়াই থাকি আৰু কিনো লাভ--
একো একোটা সময়ত
ভাঁবো --
পৃথিৱীখনক চাই যাওঁ শেষলৈকে !

কেতিয়াবা মানুহৰ প্রতি ওপজে বিৰাগ ভাব

অথচ !
ভালপোৱা তো কাৰোবাক বিলাবই লাগিব
জন্তু-জানোৱাৰ
গছ-গছনিক দিব পাৰি জানো!!

একো একোটা সময়ত ইচ্ছা হয়
গোটেই পৃথিৱীখন ভাঙি ছিঙিকৰো লণ্ডভণ্ড
আকৌ
কোনোবা এটা বিৰল মূহূর্তত,
ইচ্ছা হয়
কিবা এটা গঢ়ি থৈ যোৱাটো
বেয়া নাছিল চাগে !!

অকস্মাৎ
কেতিয়াবা দেখিবলৈ পাওঁ
সহস্র চকু মেলি
ৰ' লাগি চাই আছে
সুন্দৰ--

কোনোবাই যেন মাতি আছে,"আহা, আহা ,
কিমান পৰ বহি আছো
মাথো তোমাৰ বাবেই"

মনত পৰে বন্ধুসকলৰ মুখ,
যিসকল শত্রু,
হয়তো কেতিয়াবা
তেওঁলোকও বন্ধু হ'ব ।

নৈৰ পাৰলৈ গ'লেই
মনত পৰে
নৈত কৈও উত্তাল
সুগভীৰ নাৰী--

সন্ধিয়াৰ আকাশ কি বিমল !
বতাহত নাই কোনো মিছাৰ প্রলেপ,

তেতিয়া খুউব লাহে ধীৰে, ফুচফুচাই,
নিজৰ কানে-কানে কওঁ,
এটা মানুহৰ জনম পালো,
কিন্তু
কটাব নোৱাৰিলো
জটিলতাবিহীন ভাবে!

?

೫೫೫೫೫೫೫೫೫೫೫೫೫೫

সংগম
ණ প্ৰিন্স অবিনাশ

নিশাবোৰ
গভীৰ হয়,
উঞ্চ হয়,
উশাহবোৰ
চুটি হয়..

দুটি দেহা
এটি হয়..

সৃষ্টি হয়
অন্য এটি সূর্যৰ...

এইদৰেই
চলি থাকে পৃথিৱী...!!

?

೫೫೫೫೫೫೫೫೫೫೫೫೫೫

অতীতৰ অসুখ এটা উজাই আহিছে ছাই হৈ
ණ কন্দর্পজিৎ কল্লোল

বুকুৰ ভিতৰত
জুই জ্বলে
মই পুৰি পুৰি ছাই

অতীতলৈ ঘূৰি যাব বিচাৰোঁ
ৰৈ ৰৈ উচুপিব বিচাৰোঁ
সৰাপাতৰ শেতেলীত
মূৰ গুজি

বুকুৰ ভিতৰত বতাহ বলে
উৰি আহে পৰে ধূলিৰ বৰষুণ

ক্ৰমশঃ নিজকে হেৰুৱাই
ৰৈ আছোঁ হিজল জোপাৰ ছাঁত
তোমাৰ গুচি যোৱা খোজ বোৰলৈ চাই !

?

೫೫೫೫೫೫೫೫೫೫೫೫೫೫

কালি ইয়াতে
তুমি নাছিলা
আজিও ইয়াত
তুমি নাই
কাইলৈও ইয়াত
তুমি নাথাকিবা

মই হে বাট ভুল কৰি
খেপিয়াই ফুৰোঁ তোমাক !

ණ কন্দর্পজিৎ কল্লোল

?

೫೫೫೫೫೫೫೫೫೫೫೫೫೫

সেই নদী......

দস্তখতৰ পৃষ্ঠা সামৰি নিৰবধি
মিছা অভিনয়ৰ খিল খিলনিত
সঁচা হৃদয়ত তেজৰ নদী
তুমুৰিলিত কেঁচা মাংসৰ বাহিৰত
স্পন্দিত হৃদস্পন্দৰ হাহাকাৰ
সময়ৰ ঝংকাৰত অনুৰিত হয়
এই সময় সেই সময়ৰ ইতিহাস
সভ্যতাৰ জ্ঞানেৰে পুষ্ট
সেই নদীক সোধা
এইয়াই নেকি স্বৰুপ
উত্তৰ আধুনিকতাৰ জ্ঞানেৰে পুষ্ট
এই সময়ৰ...!

ණ মৰুৎ দত্ত
০৫-০৪-১৩

?

೫೫೫೫೫೫೫೫೫೫೫೫೫೫

গল্পৰ সন্ধানত গল্প
ණ কন্দর্পজিৎ কল্লোল

মোৰ সন্মুখত তেওঁ আহি থিয় হৈছে। মই কিবা কোৱাৰ আগতেই মোক সুধিলে- 'আপোনাৰ জীৱনৰ বিষয়ে কিবা ক'বনে?' - জীৱন ! আপুনি কত মোৰ জীৱন দেখিলে । মোৰ ছাঁৰ সতে ময়ো ম্ৰিয়মান মাজে-মাজে হাতত কলমটোৱে থিয় দি চুমা খাব বিচাৰে উকা কাগজত। মই বহুত থিম্ বিচাৰি পাওঁ কবিতাৰ বাবে, গল্পৰ বাবে। আনকি নাটক-উপন্যাসৰ বাবেও। লিখিলে বহুত কিবা কিবি লিখিব পাৰি। লাভ নাই। লেখা এটা হৈ নুঠে। তাৰ বাহিৰেও কাগজৰ দাম, কলমৰ দাম, খাম এখন, কুৰিয়াৰ..... মুঠতে ত্ৰিছৰ পৰা পঞ্চাশ টকা। বেজিভাগেই ডাষ্টবিনত পচে সম্পাদকৰ হাতৰ স্পর্শ লৈ। প্ৰকাশিত দুই এটাৰ বাবেও মাননি ৰিক্ত। এবাৰ সমালোচৰ প্ৰশংসা বুটলিব পাৰিলে হৈ গ'ল লাইফ । দেখি-শুনি-পঢ়ি বুজিব পাৰি যে ক্ৰিটিক্ছ কিনিব পৰা যায়। অৱশ্যে সেই পথত মই খোজ কাঢ়িব নোৱাৰোঁ ।

প্ৰেমৰ বাবে মাৰপিট, হত্যা-ধর্ষণ, পাৰিবাৰিক সমস্যা, গৃহকন্দল, কংক্ৰিট মহানগৰৰ ক্ৰন্দন, খাবলৈ নোপোৱাৰ যন্ত্ৰণা, জাতি-ধর্মৰ নামত কটাকটি- বহুত থিম্। চিত্ৰকল্পৰ বাবে অভিধান মেলি চাউল বছাদি বাছিলেই হ'ল। গল্প এটা হ'ব। - তথাপি গল্প এটা বাহিৰ নহয়, যিদৰে বিচাৰোঁ।

মোবাইলত মিছকল এটা আহিছিল। তেওঁ মোৰ স'তে কথা পাতে। মই ফোন নকৰোঁ।

সম্পাদনা কক্ষত মোৰ সত্ত্বা। ৰক্তিমাৰ হাঁহিত মোৰ সত্ত্বা। অশান্ত সত্ত্বা। উচ্চ শিক্ষিতৰ ছাব লোৱাৰ হেঁপাহ নাই। টকা-পইচাৰ পিছে পিছে দৌৰি ফুৰাৰো মন নাই। লিখা বাদ দিব খোজোঁ। নোৱাৰোঁ। হাতৰ আখৰ বেয়া। কাহিনীত ৰোমাঞ্চ নাই। অনুভূতি আছে। অনুভূতিৰ যুগ নাই। একবিংশ শতিকা!

গল্প এটাৰ থিম্ বিচাৰি শাড়ী খুলি লাস্যৰ সাজ পিন্ধাই দিয়ক। ভিতৰচ'ৰা ফোঁপোলা হ'লেও চলিব। হৈ উঠিব এটা বেশ্যা গল্প। লিপষ্টিক, পাৰফিউম দি সজাব পাৰিলে আৰু ভাল। আপুনি গল্পটোক প্ৰথম ৰাতিৰ অর্পিতা কৰি বজাৰত মেলি দিলে ভাল ইনকাম হ'ব। নহ'লেও একেবাৰে বজাৰত সস্তীয়া নহ'ব। পকেটত কণ্ডম লৈ ওলাই আহিব গ্ৰাহক। আপোনাৰ গল্পটোৰ স'তে সম্ভোগ কৰিবলৈ।

বেশ্যাৰ যৌনাংগৰ সোৱাদ পোৱা গ্ৰাহকে সিহঁতৰ মৃত্যুত নাক কচাই যোৱাৰ দৰে মোৰ হাতক ধর্ষন কৰা মুখা পিন্ধাবোৰে মোৰ মৃত্যুত ক'ব - ভালেই হ'ল। এআ দুনীয়াত সকলো ভাল। অথচ সকলোৱে বেয়া। ৰিক্ত কাগজ পূর্ণ কৰাৰ যি নিচা, সেই নিচাতেই যদি গল্পৰ থিমবোৰ গল্প হৈ উঠে, তেন্তে জীয়াই উঠিলোঁহেঁতেন চাগে। কিন্তু সব বস্তুৱেই সম্ভৱ নহয। মোৰ অশান্ত মনে থিম্ বিচাৰি পায়। গল্প লিখিব বিচাৰে। গল্প নহয়।

এয়া মোৰ জীৱনৰ গল্প এটাৰ থিম্। মই তেওঁক কৈ গ'লোঁ। তেওঁ নিথৰ হৈ চাই ৰ'ল। হাঁহি এটা মাৰি ক'লে - আহোঁ। মোৰ পৰা গল্প এটাৰ থিমলৈ তেওঁ গুচি গ'ল। অহা দেওবাৰে প্ৰকাশ হ'ব। এসপ্তাহমান আহি থাকিব তেওঁৰ মোবাইললৈ কল, মিছকল, এছ এম এছ।

মোৰ জীৱনৰ এই গল্পৰ থিমটো মোৰ হাতৰ তলুৱাত থৈ মই চেলেকি চেলেকি চাম। যদি জিভাত অলপ সোৱাদ পাও, তেন্তে লিখি পঠিয়াম এটা গল্প কাকত-আলোচনীলৈ। আৰু তাতে সম্পাদকৰ হাতৰ ঠেৰেঙা লাগি পৰি ৰ'ব ডাষ্টবিনত।

[ৰচনা কালঃ ছেপ্তেম্বৰ ২০০৭]

?

೫೫೫೫೫೫೫೫೫೫೫೫೫೫

নীলা বৰা
ණ বিদুৎ বিকাশ

তুমি নীলা বৰা
হঠাৎ আমি এনেকৈ লগ হ'লো যে
মাজত একোৱেই নাথাকিল বাকী

তুমি জোনাকৰ পাহি বুটলি কৈছিলা
প্ৰথম চিনাকীত__ লগ পাই থাকিম

লগ হ'লো বহুদিন

আৰু এদিন হেৰুৱাবলৈ একোৱেই নাথাকিল বাকী
যন্ত্ৰণাৰ বাহিৰে;
আজি ঘূৰাই দিব খোজো তোমাক
পাহৰণি

নীলা বৰা, এতিয়া কি লিখিম
তোমাৰ ঠিকনা ?

?

೫೫೫೫೫೫೫೫೫೫೫೫೫೫

¤ ধর্ষিতা ¤
ණ মন্টু কোঁচ দত্ত

আন্ধাৰৰ বুকুত জাহ যোৱা
মানৱতা
তাইৰ দেহত কামনাৰ আঁচোৰ

অশ্লীলতাৰ গ্রাসত
ভাগি পৰা যৌৱন

তাই যেন সৰা পাত

বাঢ়ি অহা গর্ভলৈ কুটিল দৃষ্টি
তাই অস্পৃস্য

নাচিংহোমৰ ডাষ্টবিনত
অপৈনত ভ্রূণৰ মৌন প্রতিবাদ

ধিক মানৱতা !

?

೫೫೫೫೫೫೫೫೫೫೫೫೫೫

বৰলুইতৰ পাৰত সেই দিনা কোনে
আটাহ পাৰিছিল।
কলিজাত কি হেঁপাহ লৈ সেইদিনা
এহাল ডেকা গাভৰুৱে নিজকে সপি দিছিল
বৰলুইতৰ বিশাল বুকুত।
ক'তা
বৰলুইতওতো নোৱাৰিলে
তেওলোকক উটুৱাই নিব।
পাৰিলে জানো?
তেওঁলোকতো আজিও আছে
প্রতিটো যৌৱনৰ কলিজাত লুকাই।
নাই জানো?
ছাহজাহানেই বা তাজমহলটো কিয় সাজিলে?
অজলা সপোন বোৰ খেদি খেদি ডাণ্টেই বাৰু কিয় লিখিছিল
ইমানবোৰ প্রেমৰ কবিতা?
লিখিছিল কিয়?
কম্ব মুনিৰ আশ্রমত শকুন্তলাই কি এক আলফুলীয়া সপোনক
সাঁচি সামৰি দ্যুষ্মন্তৰ বাবে ৰৈ আছিল
অনন্ত প্রতিক্ষাৰে।
শকুন্তলাৰ প্রেমৰ গভিৰতা কিমান আছিল?
কিমান ভাল পাইছিল শকুন্তলাই দ্যুষ্মন্তক!
ডাণ্টেই বিয়েট্রিচক!
ছাহজাহানে মমতাজক আৰু
জংকিয়ে পানৈক!
কিমান....কিমান....
কিমান বাৰু?
আছেনে বাৰু এনে কিবা একক।
প্রেম ভালপোৱাক জুখিব পৰা একক।
প্রেমৰ গভিৰতাক জুখিব পৰা একক।
যি জুখিব পাৰে ডাণ্টে, জংকি-পানৈ আৰু শকুন্তলাৰ প্রেম।
নাই!
থাকিব নোৱাৰে!
প্রেমক জুখি চাব নোৱাৰি।
মাত্র চেকি চাব পাৰি।
কলিজাৰে,হৃদয়েৰে।

ණ বিপ্লব ৰয় ভূঞাঁ

?

೫೫೫೫೫೫೫೫೫೫೫೫೫೫

(১)
জীৱনৰ উপলব্ধিত সৰে
চকুপানীৰ বন্যা
কোনে মচিব
কোনে মচিব
ই যে মোৰ কাতৰ
প্রার্থনা।

(২)
বসন্তৰ পাৰে পাৰে
নামি আহে
প্রশান্ত সন্ধিয়া
বতাহত উৰিছে কাৰ
সেইখন
সেউজী ৰিহা।

(৩)
উত্‍সৱৰ বতৰত মোৰ
যৌবনৰ
সকলো নিয়া আকাশ
মোক মাথো দি যোৱা
তোমাৰ সুবাস।

(৪)
বৰষুণত ডুবিল মোৰ
ঠুনুকা হৃদয়
দ্বিধা সংশয়ত
প্লাবিত হ'ল
মোৰ সংগোপন
প্রেমৰ ঘৰ।

(৫)
আজি আহিব আবেগৰ
পাহাৰুৱা ঢল
প্রেমে উটুৱাই দিব
অপ্রেমৰ অংকুৰ
অনাত্মীয় বৈভব থাকিব
হৃদয় জুৰি
প্রেমৰ শিলালিপিত
এমুঠি জোনাক হৈ।

ණ বিপ্লব ৰয় ভূঞাঁ

?

೫೫೫೫೫೫೫೫೫೫೫೫೫೫

"শিক্ষক দেউতা আৰু মোৰ দুখ "

ৰেচলাং খাচ্ , ৰেচলাং খাচ এটা মিসৃত ধাতবিয় শব্দেৰে দেউতাৰ চাইকেল খন আগবাঢ়ে, দুৰণিৰ এখন স্কুললৈ......
দেউতা শিক্ষক, পিন্ধনত ধুতি ,কুৰতা।
পকেটত এজোৰ পাৱাৰি চচমা।
কেৰিয়াৰত খুচি থোৱা থাকে এখন মোনা।
দেউতা স্কুললৈ ধাৱমান হয় সেই ধাতবিয় বিশেষ শব্দৰ স'তে।
মই দেউতা যোৱা প্ৰায়ে চাওঁ ,
মোৰ দুখ অনুভুত হয় দেউতালে'।
কিমান কষ্টেৰে তেওঁ আমাক ডাঙৰ কৰিছে, খুৱাইছে, পিন্ধাইছে।
কিমান ছাত্ৰক উন্নতিৰ শিখৰত পিন্ধাইছে স্বাৱলম্বিতাৰ মুকুট।
দেউতাই পুৱাই খেতি পথাৰত যায়
বোকাপানী গছকি।
কেতিয়াবা দেউতাৰ দেহত ৰৈ যাই বোকাপানীৰ দাগ।
তেনেকৈয়ে দেউতা স্কুললৈ যায়।
দিনটো পাঠদানত নিমগ্ন হয় মৰমৰ দেউতা ।
এটা নিস্তব্দ্ধতা বিৰাজ কৰে আমাৰ ঘৰত গোটেই দিন..
সন্ধিয়া যেতিয়া নামে মাই অস্থিৰ হৈ প্ৰশ্ন কৰে... মানুহজনে কিয় দেৰি কৰিলে?
লঘোনে ভোখোনে কিযে কৰিছে মানুহ জনে....
মাৰ শেতাপৰা মুখখনি চাওঁ।
আমাৰো মলিন হয় মুখবোৰ।
ৰেচলাং খাচ, ৰেচলাং খাচ ...
শব্দটো যেন আহিচে আমাক খেদি আহে ....
হয় ..সেইটো দেউতাই।
মোনাত কিবা কিবি আনে
আমাৰ স্ফূর্তি সিমাহীন হয়।
মোনাট অনা হৰলিক্সৰ বটলটোৰ পৰা এচামুচ হৰলিক্স হাতত লৈ খাই যাওঁ।
ভাবো দেউতা যেন হওক সদাই চিৰসেউজ ....
দুৰণিৰ পৰা সদায় সন্ধিয়া যেন ভাহি আহক সেই বিশেষ শব্দটো ....
ৰেচলাং খাচ ....ৰেচলাং খাচ ....ৰেচলাং খাচ....

(এই কবিতাটি প্ৰতিজন শিক্ষকৰ চৰণত সমর্পিত)

@ আকাশটুলটুল বৰ্মন

?

೫೫೫೫೫೫೫೫೫೫೫೫೫೫

মই তোমাক ভালপাওঁ
এইয়া কোনো কবিৰ কবিতা নহয়
স্বতঃস্ফুৰিত ভাবে নিগৰি অহা
এয়া মোৰ হৃদয়ৰ শব্দ মাথো।
হৃদয় তন্ত্রীত ঝংকাৰ
আৰু তোমাৰ হাঁহিটিত
তেজবোৰ উদ্দাম জুৰি হয়
প্রেমবোৰ মৃদু মলয়া
ফুলবোৰে যেন
গুনগুনাই গীত গায় ।
মাজসাগৰত নাৱৰীয়াজনে
নাওখনত পাল তৰি দিলে
মই যে বহুত পিছত।

ණ বিপ্লব ৰয় ভূঞাঁ

?

೫೫೫೫೫೫೫೫೫೫೫೫೫೫

"ছাৰ,দৰমহা আৰু প্ৰাইভেট চাকৰি"

চাকৰি এটা মিঠা শব্দ তিনিটা আখৰৰ..
যি আমাৰ জীৱনত আনে আশাৰ বতৰা,
যিয়ে মাৰে আমাৰ পেটৰ ক্ষুধা দৰমহাৰ ৰূপত।
.........
ছাৰ মই আজি ডিউটিত আহিব নোৱাৰিম।
ভৰিৰ বিষ, জ্বৰ, দাদাৰ বিয়া, দেউতাৰ অসুখ (যি কিছু পৰিমাণে মিছা কথা)
ছাৰ পার্টি বুক কৰিলো, যান্ত্ৰিক বিজুতি, বিজুলী নাই পানী নাই, কাম নহ'ব....
এইবাৰ চাকৰিত দৰমহা দেৰি হৈছে, প্লেন বনা, ষ্ট্ৰাইক কৰ, দুদিন কাম এৰি দে......
মুঠতে ছাৰ আৰু চাকৰিৰ মূৰ খাওঁ
চিঞৰি থাকো ছাৰ দৰমহা-ছাৰ দৰমহা।
.......................
ছাৰৰ ঘৰত ৩০ বা ৩১ দিনীয়া বাকচত এটাত থাকে চাকৰিৰ দৰমহা....
যাক আশাপালি ৰৈ থাকো আমি।
দাৰিদ্ৰৰ জখলাত বগাব নোৱাৰি সেই বিশেষ বাকচটোলৈ ললুপ দৃষ্টিৰে আমি চাই ৰওঁ এটা মাহ।
টকা আহিব ,আমাৰ দুখীয়া ঘৰখনে আকৌ হাঁহিব।
ভনীজনীৰ বিয়া হ'ব , দেউতাৰ ৰুগীয়া দেহটোত উন্নত চিকিৎসা হ'ব, ভাইটিক প্ৰাইভেত স্কুলত দিম।
...........
আমাৰ উৎকণ্ঠাক ছাৰবোৰে নুবুজে বা বুজিব নোখোজে।
যাৰ বাবে শিলাবৃষ্টিৰ নিশাত হেঁপাহৰ উৰুখা টিন পাতৰ তলত ভোজন কৰো ছাৰ আৰু দৰমহাৰ উৎকণ্ঠা।
এদিন আমাৰ ওচৰত হঠাতে ছাৰৰ লগত দৰমহা আহে .....
আমাৰ শুকাই যোৱা মুখবোৰত আকৌ আশাৰ বৰষুণ পৰে ...
বৰষুণৰ টোপালবোৰ আমাৰ প্ৰিয় হয়।
বৰষুণবোৰ আমি হেঁপাহ পলুৱাই খাই যাওঁ .......নাচি যাওঁ....হাঁহি যাওঁ ........

@ আকাশটুলটুল বৰ্মন

?

೫೫೫೫೫೫೫೫೫೫೫೫೫೫

যি বাটেৰে আহিছিলা এদিন
সেই বাটেৰেই গ'লা গুচি
এৰি গ'লা বিষাদৰ স্মৃতিবোৰ।
আহিবানে আকৌ
শৰত্‍ৰ স্নিগ্ধ জোনাক আৰু
নিয়ৰসিক্ত শেৱালীৰ সুবাস লৈ
আচঁলত মূৰ থৈ জিৰাবলৈ
এবুকু মৰমৰ উমত।
আকৌ প্রবাহিত হ'বনে ফল্গুধাৰা
তোমাৰ চোতালৰ তলেৰে।

ණ বিপ্লব ৰয় ভূঞাঁ

?

೫೫೫೫೫೫೫೫೫೫೫೫೫೫

~¤বৰষা¤~
ණ বিশাল দেব ৰায় (কুমাৰ)

এটুপি এটুপি বৰষা সৰে
কুঁহিপাতে সেউজীয়া চাদৰ সাজে
প্ৰকৃতিয়ে কথা পাতে
মেঘে প্ৰাপ্তিৰ চুমা আঁকে।
বৰষাৰ ছন্দ আৰু সুৱাষত
কুলিয়ে মাতে
কেতেকীয়ে আনন্দৰ গীত জুৰে
কপৌয়ে সলাজ হাঁহি মাৰে।
ৰিম ঝিম মায়াময় বৰষা
চিনাকি প্ৰেমৰ সুৰ
উন্মনা কুলি কেতেকী
কুঁহিপাতৰ সলাজ হাঁহি
শ্যামলী ধৰা
বহাগৰ বৰষা ।।

?

೫೫೫೫೫೫೫೫೫೫೫೫೫೫

বিষয়ঃ সুখ
ණ নিউটন কোঁৱৰ

প্ৰিয় মানুহবোৰ দিনে দিনে
আঁতৰি গৈছে ক'ৰবালৈ,
কাৰণ তেওঁলোক সুখৰ অনুৰাগী
দুখ মোৰ নিচা,
সেয়ে মই ৰৈ গ'লো এন্ধাৰৰ শেতেলিত..!

নিঃসংগতাৰ প্রেমত
মই হেৰুৱালো বসন্ত-পখীৰ সংগীত
নৈপৰীয়া বতাহে আজিও সোধে
কাণত ওঁঠ লগাই,
মইনোপ্রেমিক হ'লো কেনেকৈ...

সূতা ছিগা সময়ৰ চিলা বিচাৰি বিচাৰি
হাবাথুৰি খাওঁ বাৰে বাৰে
তাহানিৰ গৰখীয়া পথাৰৰ ৰান্ধনী ৰ'দজাকত
স্মৃতিৰ ল'ৰালিয়ে হাত বাউলি মাতে
উভতিব নোৱাৰো,
মই এতিয়া বাওনা...

ব্যস্ততাৰ সৰ্পিল পথত
মই হেৰুৱালো নিজক
বাস্তৱ বৰ কঠিন
হাতকেৰেয়া লগাই থয় আশাবোৰক....
বিষণ্ণতাক সোঁৱৰি নৈখন বৈ যায়
ঢৌৱে ঢৌৱে মই উজাই যাওঁ
সুখৰ পাৰঘাট বিচাৰি
সুখ নাই গাভৰু ঘাটবোৰত
সেউজীয়া উপত্যকাৰ সিপাৰে শুনো
সেউজীয়াৰ কিৰিলি
আগুৱাই গ'লেই মিছলীয়া আবেগবোৰে
আগছি ধৰে মোৰ বাট...!

?

೫೫೫೫೫೫೫೫೫೫೫೫೫೫

দুখবোৰ জ্বলাই দিছোঁ
কলিজাখনো পুৰিছে হমহমাই
গোটেইখন বিয়পি পৰিছে খৰিকাজাঁই ফুলাৰ গোন্ধ

ৰাতি ফুলা ফুল
মোৰ মঙহ পোৰাৰ গোন্ধ
মৰিশালি ৰ'লত তুমি উভটি অহাৰ সপোন

ණ কিৰণ খনিকৰ

?

೫೫೫೫೫೫೫೫೫೫೫೫೫೫

মোৰ ভালপোৱাৰে ভৰা
বুকুখন
উৱলি গৈছে।
হোলোকা হোলোকে কেৱল
তেজকেই মুখেদি
বৈ গৈছে।
কি যে সুন্দৰ
মোৰ এই বুকুফাটি ওলোৱা
তেজবোৰ ।
যেন ব্যর্থ প্রনয়ৰ
একো একো পাহী
ৰঙা জৱা ।
অনামিকা,
তোমাৰ সতে মোৰ আৰু
দেখা নহ'ল।
শেষ বাৰলৈ এবাৰ হেপাহ পলুৱাই
তোমাক চাই ল'বলৈকো
মই নাপালো।
তথাপিও
মই আজি কোনো আক্ষেপ
কৰা নাই।
এদিন তুমি মৰমেৰেই গ্রহণ কৰি
পুনৰ ওভোতাই দিয়া
মোৰ সেই প্রনয়ৰ ব্যর্থ
হৈ পৰা উপহাৰটো,
তুমি নিজ হাতে দিয়া
তোমাৰ সেই ফটোখন
আৰু
এদিন ভুল কৰিয়ে
তুমি মোলৈ লিখা সেই
ধুনীয়া হিয়াৰ সুৰভি সনা
ক্ষুদ্র ক্ষুদ্র চিঠি বোৰকে
বুকুত সাবতি
তাকেই তোমাৰ মোৰ প্রতি
প্রনয়ৰ শ্রেষ্ঠ প্রতিদান
স্বৰূপে লৈ
মই আজি এই ধুনীয়া
পৃথিৱীখনৰ পৰা
যাবলৈ সাজো হৈছো।
অনামিকা,
জীবনৰ আজি এই
বিফল সন্ধিয়া
মোৰ হিয়া খনে যেন
আপোনা আপোনি চিঞৰি
উঠিছে-
Those hates are dear to me.
তাৰ পাছত
এয়ে মোৰ শেষ আমনি অনামিকা।
জীবনৰ নতুন পুৱাৰ আলোকত
দুখৰ নিশাৰ এটি
অশুভ সপোনৰ দৰেই
তুমি যেন মোক
পাহৰি যোৱা
চিৰকাললৈ ।

ණ বিপ্লব ৰয় ভূঞাঁ

?

೫೫೫೫೫೫೫೫೫೫೫೫೫೫

ৰাতি সপোনৰ বাগিচাত সৰি পৰে জোনাক
ණ কন্দর্পজিৎ কল্লোল

দুখৰ বিছনাত ৰাতি বাঢ়ি আহে
বাঢ়ি আহে দুখৰ কবিতা

সপোনতে এজাক বতাহে কোবাই যায়
ভাঁজ কেঁকুৰিটোত ঠেকা লাগে বতাহৰ বা

উৰি আহে বাঁকৰ গীত
বাঁহনিডৰাৰ পৰা
ৰৈ ৰৈ উচুপে দুখৰ জোনাক

ডুব যাওঁ ডুব যাওঁ
পানীমেটেকাৰ তলত
চেঁচা হৈ যাওঁ
স্মৃতিৰ বৰফত সাঁতুৰি

ৰাতি ৰাতি সপোন দেখোঁ
তোমাৰ ভাৱনাত অস্থিৰ হৈ চটফটাই সাৰে থাকে মোৰ দুখৰ কলিজা
ৰাতি সপোনৰ বাগিচাত সৰি পৰে জোনাক

সৰি পৰা জোনাকে উচুপি থাকে গোটেই ৰাতি
গোটেই ৰাতি অনিদ্ৰাৰ শেতেলিত ওপঙি ফুৰোঁ

?

೫೫೫೫೫೫೫೫೫೫೫೫೫೫

কাৰ আঙুলি ফাঁকত ফুলিল খৰিকাজাঁই
কাৰ দুগালত সৰি পৰিল দুপৰৰ ছাঁই
চৰগ পৰি পাত্থৰ হোৱা বুকুত মোৰ
কোনে উৰুৱাই দুখৰ চৰাই

ණ কিৰণ খনিকৰ

?

೫೫೫೫೫೫೫೫೫೫೫೫೫೫

অশ্লীল ৰাতিৰ অকবিতা
ණ কন্দর্পজিৎ কল্লোল

এটা বন্ধ্যা ভাবনাত
কেঁকাই থাকে গোটেই ৰাতি
পাতৰ দৰে খহি পৰে ভদ্ৰতাৰ নগ্ন পোচাক

সকলো উদংহৈ যায়
দুচকুত সপোনবোৰে বাহ সাজে
গজি উঠে সেউজীয়া ঘাঁহ

জুৰিৰ পাৰত গা ধুই উঠা সদ্যস্নাতা জোনটোৱে বিচাৰি ফুৰে
তোমাৰ নগ্ন দুহাত

ৰাতি কোনেও কাকো চিনিব নোৱাৰে
এজন নপুংসক অকবিয়ে ৰাতি ৰাতি কামুক দুঃস্বপ্নৰ বৰষুণত তিতে

চেং মাছে জঁপিয়ায়
জঁপিয়াই জঁপিয়াই গাঁতত সোমায়
গাঁতৰ পৰা ওলাই আহে
চেং মাছৰ জাক

ৰাতিপুৱা গাত এখন চাদৰ মেৰিয়াই
ঘৰৰ পৰা ওলাই আহে
মহাত্মা গান্ধী

অশ্লীল ৰাতি
ডুব গৈ থাকোঁ
তোমাৰ তেজৰ মাজত

?

೫೫೫೫೫೫೫೫೫೫೫೫೫೫

নীলকণ্ঠ নহ'লো
ණ মন্টু কোঁচ দত্ত


মোৰ বুকুচাত দুখৰ ভাগৰ
এখন নদী বৈছিল হৃদয়েদি
তোৰ মৰমৰ
হৃদয়ৰ দুয়োপাৰ সেউজীয়া
ৰামধেনুৰ আকাশ ।


মোৰ শৰীৰতো মেৰিয়াই
এডাল বিষাক্ত সাপলৈ
পৰির্বতন ঘটিছে , নদীখন
তাৰ প্রতিটো দংশনত
ক্ষত বিক্ষত মোৰ কলিজা ।


দোষ তোৰ নাই
দোষ মোৰ
সূত্র নজনাকৈয়ে কৰিব খুজিলো
ভালপোৱাৰ অংক
পৰিণতি শূন্য ।


মই যদি নীলকন্ঠ হ'লো হয়
পি পেলালো হেতেন
তই দিয়া দুখবোৰ
কলহে কলহে ।

?

೫೫೫೫೫೫೫೫೫೫೫೫೫೫

*~ মই সুখী ~*
ණ উৎপল তালুকদাৰ

আজি মই বহু সুখী,
কিয় জানে?
আজি তেওঁৰ বিয়া ।

কি সুধিছে?
কাৰ লগত?
মোতকৈ ধনী ল'ৰা এজনৰ লগত ,
যিজনে অতি সংগোপনে কাঢ়ি নিছিল
তেওঁক মোৰ বুকুৰ মাজৰ পৰা
তেওঁৰ কৃত্রিম ভালপোৱা দেখুৱাই ।

সেইজনৰ লগত তেওঁ বহু সুখী,
আৰু তেওঁৰ সুখত মই সুখী ।

যদিও আজি তেওঁ আনৰ হ'ল,
যদিও মোৰ সপোন বাস্তৱ নহ'ল,
তথাপিও আজি মই বহু সুখী
তেওঁৰ সুখত ।।

?

೫೫೫೫೫೫೫೫೫೫೫೫೫೫

অনামিকা,
আজিকালি প্রায়ে অনুভৱ কৰো
দিনটোৰ প্রায়বোৰ মুহূর্ততে
বুকুৰ ভিতৰত
তোমাৰ অস্তিত্ব কঢ়িয়াই
যেন লৈ ফুৰো মই।
সন্ধিয়া অকলশৰীয়া সময়ত
মোৰ লগৰীয়া হয়
অনামিকা নামৰ
এক মিঠা অনুভুতি।
অস্থিৰ সময় সকলোৰে
অজানিতে জাহ যায়
অতিতৰ মাজত।
আহি পৰে অনাগত ভবিষ্যতৰ
প্রতিটো বাস্তব মুহূর্ত।
যিদৰে মোৰ সঁচা বাস্তব
এতিয়া আহিছে।
আচলতে মই কোনো মুহূর্ততে
তোমাৰ হৃদয়ৰ পৰা
আতৰি অহা নাছিলো
অনামিকা।
তোমাৰ স্মৃতি বুকুত বান্ধি
মই আজি
ভাগৰুৱা হৈ পৰো।
তোমাৰ স্মৃতিয়ে মোক
জীয়াই থাকিবলৈ দিয়ে।
তোমাৰ অকনমান মৰমৰ বাবে
মোৰ হৃদয়ে আজিও হাহাকাৰ কৰে।
তোমাক মই কেনেকৈ
পাহৰিম।

ණ বিপ্লব ৰয় ভূঞাঁ

?

೫೫೫೫೫೫೫೫೫೫೫೫೫೫

~¤কবিৰ কবিতা¤~
ණ বিশাল দেব ৰায় (কুমাৰ)

কবিৰ কবিতাতে জিলিকি উঠে
ভৰ পুৰ্ণিমাৰ সাহিত্যৰ আকাশ
কবিৰ কবিতাতে বিচাৰি পায়
সুখ দুখ প্ৰেম বিষাদৰ আকৃতিম ছবি....
ভাষাৰ সৰলতা, হৃদয়ৰ কোমলতা
কিম্বা প্ৰকাশৰ তীক্ষ্নতা
কবিৰ কবিতায়ে জগাই তোলে সমাজ আৰু চেতনা
ভৰাই তোলে অনুভৱৰ নতুন দিশ....
প্ৰেমিকৰ প্ৰেমৰ সপোন, গাভৰুৰ ৰূপৰ প্ৰভা
কবিৰ কবিতাতে চিত্ৰিত হয়
গৰখীয়াৰ বাঁহীৰ সুৰ....
কবিৰ কবিতাতে পাতনি মেলে
সমাজৰ সেউজ বসন্ত
কবিৰ কবিতা নতুনৰ পাশুপাত অস্ত্ৰ....
কবিৰ কবিতাতে
জোনাকৰ বৰষুণ সৰে....
হৃদয়ত প্ৰেমৰ সুগন্ধ বলে...
আঘোনৰ পথাৰত কুঁৱলী নামে...

?

೫೫೫೫೫೫೫೫೫೫೫೫೫೫

~ বসন্ত ~
ණ কিৰণ খনিকৰ

তোমাৰ বুকুত সেউজীয়া ফুলিছে
উপচি পৰিছে দুয়োকুল
সেউজীয়া সেউজীয়া
সেউজীয়া সাগৰ
মই নাও এৰি দিছোঁ ওভটনীৰ সোঁতত

আৰু তুমি ইউকেলিপ্টাচ এজোপা হৈ
গৈ আছা আকাশ ধিয়াই

?

೫೫೫೫೫೫೫೫೫೫೫೫೫೫

মই সিঁচৰিত হৈ পৰো
এখন উকা বগা চাদৰৰ তলত,
য'ত তুমি নাই
মাথোঁ আছে অন্ধকাৰ !

ණ হিমাংশু বৰা

?

೫೫೫೫೫೫೫೫೫೫೫೫೫೫

যোৱা নিশা এজাক
বৰষুণ পৰিছিল....

ৰাতিপুৱা সাৰ পাই উঠি মই দেখো
চোতালত তুমি উভতি যোৱাৰ খোজ....!!

ණ প্ৰিন্স অবিনাশ

?